ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

1. ZnO + C → Zn + CO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে –

(a) ZnO, C

(b) Zn, CO

(c) ZnO, CO

(d) C, ZnO

উত্তৰঃ (d) C, ZnO

2. MnO₂ + 4HCI → MnCl₂ + 2H₂O + Cl₂—এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে –

(a) HCI, MnO₂

(b) HCI, MnCl₂

(c) MnO₂, HCI

(d) MnO₂, Cl₂

উত্তৰঃ (a) HCI, MnO₂

3. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ’ল —

(a) মেগনেছিয়াম কার্বনেট।

(b) মেগনেছিয়াম নাইট্রেট।

(c) মেগনেছিয়াম অক্সাইড।

(d) মেগনেছিয়াম হাইড্রক্সাইড।

উত্তৰঃ (c) মেগনেছিয়াম অক্সাইড।

4. পোৰা চুণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ–

(a) সংযোজন।

(b) বিযোজন।

(c) তাপবর্জী।

(d) (a) আৰু (c)।

উত্তৰঃ (d) (a) আৰু (c)।

5. ছিলভাৰ ব্ৰ ‘মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ–

(a) বিযোজন।

(b) সংযোজন।

(c) তাপগ্রাহী।

(d) (a) আৰু (c)

উত্তৰঃ (d) (a) আৰু (c)

6. কপাৰ ছালফেট দ্রৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ–

(a) অপসৰণ।

(b) অধঃক্ষেপণ।

(c) দ্বিঅপসৰণ।

(d) সংযোজন।

উত্তৰঃ (a) অপসৰণ।

7. BaCl₂ + H₂ SO₄ → BaSO₄ + 2HCl – এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ –

(a) অপসৰণ।

(b) দ্বিঅপসৰণ।

(c) অধঃক্ষেপণ।

(d) (b) আৰু (c)

উত্তৰঃ (d) (b) আৰু (c)

8. 2Cu + O₂ → 2CuO – এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে—

(a) CuO, O₂

(b) Cu, O₂

(c) O₂, CuO

(d) Cu, CuO

উত্তৰঃ (b) Cu, O₂

9. কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?

(a) ক’লা।

(b) মুগা।

(c) সেউজীয়া।

(d) ৰঙা।

উত্তৰঃ (c) সেউজীয়া।

10. ছিলভাৰৰ ক্ষয়ীভৱনৰ ফলত ছিলভাৰৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?

(a) কলা।

(b) সেউজীয়া।

(c) মুগা।

(d) মটীয়া।

উত্তৰঃ (a) কলা।

11. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে —

উত্তৰঃ ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ।

12. তলৰ কোনটো এটা তাপীয় বিযোজন বিক্রিয়া?

(a) 2AgCl → 2Ag + Cl₂

(b) 2H₂O → 2H₂ + O₂

(c) 2AgBr → 2Ag + Br₂

(d) CaCO₃ → CaO +CO₂

উত্তৰঃ (d) CaCO₃ → CaO +CO₂

13. এটা জঁকা সমীকৰণ সন্তুলিত কৰাৰ ভিত্তি হ’ল–

(a) শক্তিৰ সংৰক্ষণৰ সূত্ৰ।

(b) স্থিৰানুপাত বিধি।

(c) ভৰৰ নিত্যতা বিধি।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ ভৰৰ নিত্যতা বিধি।

14. কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে –

(i) মিশ্ৰণৰ উষ্ণতা বাঢ়ে।

(ii) মিশ্ৰণৰ উষ্ণতা একে থাকে।

(iii) কেলছিয়াম হাইড্রক্সাইড উৎপন্ন হয়।

(iv) এটা তাপগ্রাহী বিক্রিয়া সংঘটিত হয়।

উত্তৰঃ (i), (iii)

15. ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ মিহলি কৰিলে –

(i) ছ’ডিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম চালফেট উৎপন্ন হয়।

(ii) এটা অপসৰণ বিক্রিয়া সংঘটিত হয় ।

(iii) এটা দ্বিঅপসৰণ বিক্রিয়া সংঘটিত হয়।

(iv) এটা অধঃক্ষেপণ বিক্রিয়া সংঘটিত হয়।

উত্তৰঃ (i), (iii), (iv)

16. লেড নাইট্রেট উত্তপ্ত কৰিলে নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হ’ল—

(a) NO₂

(b) PbO

(c) O₂

(d) Pb

উত্তৰঃ (a) NO₂

17. বগা ছিলভাৰ ক্ল’ৰাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ’ব–

(a) বগা।

(b) ৰঙা।

(c) মটীয়া।

(d) হালধীয়া।

উত্তৰঃ (c) মটীয়া ।

18. তলৰ কোনটো বিক্রিয়া ক’লা-বগা ফটোগ্রাফীত ব্যবহৃত হয়?

(a) Fe + CuSO₄ → FeSO₄ + Cu

(b) 2AgBr → 2Ag₂ + Br₂

(c) 2H₂O → 2H₂ + O₂

(d) 2Pb (NO₃)₂ → 2PbO + 4NO₂ + O₂

উত্তৰঃ (b) 2AgBr → 2Ag₂ + Br₂

19. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়?

(a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।

(b) ক্ল’ৰিণ গেছ আৰু আইৰণ হাইড্রক্সাইড উৎপন্ন হয়।

(c) বিক্রিয়া নঘটে।

(d) আইৰণৰ লৱণ আৰু পানী উৎপন্ন হয়।

উত্তৰঃ (a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।

20.

Fe₂ O₃ +2AI → Al₂ O₃ +2Fe

ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ –

(a) এটা সংযোজন বিক্ৰিয়াৰ।

(b) এটা দ্বি-অপসৰণ বিক্ৰিয়াৰ।

(c) এটা বিযোজন বিক্ৰিয়াৰ।

(d) এটা অপসৰণ বিক্ৰিয়াৰ।

উত্তৰঃ (d) এটা অপসৰণ বিক্ৰিয়াৰ।

21. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?

2PbO (S)+C(S)2Pb(S)+CO₂(g)

(i) লেড বিজাৰিত হৈছে।

(ii) কার্বন ডাই অক্সাইড জাৰিত হৈছে।

(iii) কাৰ্বন জাৰিত হৈছে।

(iv) লেড অক্সাইড বিজাৰিত হৈছে।

শুদ্ধ বিকল্পটো হ’ল –

(a) (i) আৰু (ii)

(b) (i) আৰু (ii)

(c) (i), (ii) আৰু (iii)

(d) সকলো।

উত্তৰঃ (a) (i) আৰু (ii)

22. বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়?

উত্তৰঃ সাধাৰণ উষ্ণতাত মেগনেছিয়ামে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ এখন পাতল আৱৰণীৰ সৃষ্টি কৰে। অক্সাইডৰ এই প্ৰতিৰোধী আৱৰণীখনে মেগনেছিয়ামক পুনৰাই বায়ুত জাৰিত হোৱাৰ পৰা ৰক্ষা কৰে। সেয়েহে বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে।

23. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্নসহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছডিয়াম ছালফেট জলীয় দ্ৰবই বিক্ৰিয়া কৰি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত কৰে।

(ii) ছডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ’ক্লৰিক এচিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ (i) BaCl ₂ (aq) + Na ₂SO₄ (aq) → BaSO₄ (s) + 2NaCl (aq)

(ii) NaOH(aq) + HCl(aq) NaCl (aq)+ H₂ O(l).

24. এটা পদাৰ্থ X ৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। (i)পদাৰ্থ ‘X’ অৰ নাম লিখা আৰু সংকেত লিখা।(ii) পানীৰে সৈতে পদার্থ ‘X’ এ কৰা বিক্রিয়াটো লিখা।

উত্তৰঃ (i) ‘X’ হল পোৰা চুণ (Quick lime)। ই ঘৰ ৰং কৰাৰ কাৰণে ব্যবহৃত হয়। সংকেত : CaO.

(ii) CaO + H₂O → Ca(OH)₂

25. তলৰ বিক্রিয়াকেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা।

(i) 4Na (s) + O₂(g) → 2Na₂ O(s)

(ii) CuO(s) + H₂ (g) → Cu(s) + H₂O(l)

উত্তৰঃ (i) জাৰিত পদার্থ: Na

বিজাৰিত পদার্থ: O₂

(ii) জাৰিত পদার্থ: H₂

বিজাৰিত পদার্থ: CuO

26. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।

উত্তৰঃ

CaCO₃ ––তাপ→ CaO +CO₂

2AgCl ––পোহৰ → 2Ag + Cl₂

2H₂O বিদ্যুৎ শক্তি→ 2H₂ + O₂

27. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়?

উত্তৰঃ লোই বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্প লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে আৰু এনেদৰে ক্ষয়প্রাপ্ত হয়। সেয়েহে লোক সেমেকা বায়ুৰ সংস্পৰ্শলৈ নাহিবলৈ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয়।

28. তেল আৰু চৰ্বী থকা খাদ্য বস্তু নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়?

উত্তৰঃ কাৰণ নাইট্ৰ’জেন এবিধ প্ৰতিজাৰক পদার্থ, যিয়ে তেল আৰু চৰ্বী থকা খাদ্যবস্তুক জাৰিত হোৱাৰ পৰা ৰক্ষা কৰি সিহঁতক ৰেণচিডিটিৰ পৰা ৰক্ষা কৰে।

29. ক্ষয়ীভৱন কাক বোলে?

উত্তৰঃ যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে।

30.ৰেণচিডিটি বা দুর্গন্ধিতা কি?

উত্তৰঃ যেতিয়া তেল আৰু চৰ্বীযুক্ত খাদ্যবস্তু জাৰিত হয়, তেতিয়া ইয়াৰ গোন্ধ আৰু সোৱাদ সলনি হয়। ইয়াকে ৰেণচিডিটি বোলে।

31. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।

(i) হাইড্ৰ’জেন + ক্ল’ৰিন → হাইড্ৰ’জেন ক্ল’ৰাইড

(ii) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

(iii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্ৰ’ক্সাইড + হাইড্ৰ’জেন।

Ans. (i) H₂ + CI₂ → 2HCI

(ii) BaCl₂ + AL₂(SO₄)₃ → BasO₄ + AICI₃

(iii) 2Na + 2H₂O → 2NaOH + H₂

32.কাৰ্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয় ? এই গেছটোৰ নাম লিখা।

Ans. যেতিয়া হাইড্ৰ’জেন আৰু অক্সিজেন 2 : 1 অনুপাতত মিলিত হয় তেতিয়া পানী উৎপন্ন হয়। অর্থাৎ পানীৰ অণুত দুটা হাইড্ৰ’জেন পৰমাণুৰ লগত এটা অক্সিজেন পৰমাণু সংযুক্ত আছে, সেইবাবে পানীৰ সংকেত, H₂O। প্রথম গেছটো হাইড্ৰ’জেন আৰু দ্বিতীয় গেছটো অক্সিজেন।

33. লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্রৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয় ?

Ans. কপাৰ ছালফেট দ্ৰৱণৰ বৰণ নীলা। এই দ্ৰৱণত এটা লোৰ গজাল ডুবালে, নীলাবৰণৰ ৰঙৰ পৰিবৰ্তন ঘটি পাতল নীলাবৰণৰ হয় । লো, তামতকৈ অধিক সক্রিয় হোৱাৰ বাবে, ই তাম ক অপসাৰণ কৰি ফেৰাছ ছালফেট আৰু তাম উৎপন্ন কৰে।

34.কার্যকলাপ 1.10-ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

Ans. Pb (NO₃)₂ + 2HCI → PbCl₂ (S) + 2HNO₃

(লেড নাইট্রেট) +(হাইড্ৰ’ক্লৰিক এছিড)→ (লেড ক্লৰাইড)+ (নাইট্রিক এছিড)

35.তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা

(i) 4Na(s) + O₂(g) → 2Na₂O(s)

(ii) CuO(s) + H₂(g) → Cu(s) + H₂O(I)

Ans. (i) ছডিয়াম ধাতু (Na) জাৰিত হৈছে আৰু অক্সিজেন বিজাৰিত হৈ Na₂O গঠিত হৈছে ৷

(ii) কপাৰ অক্সাইড (CuO) বিজাৰিত হৈ কপাৰ আৰু হাইড্ৰ’জেন জাৰিত হৈ H₂O গঠিত হৈছে।

36. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?

Ans. ৰাসায়নিক সমীকৰণ এটাক বিক্রিয়াটোত থকা পদার্থসমূহৰ চিহ্ন আৰু সংকেতেৰে মাথোন প্ৰকাশ কৰিলে ইয়াক জঁকা সমীকৰণ বোলে। জঁকা সমীকৰণ এটা সাধাৰণতে সমতুল হৈ নাথাকিবও পাৰে। সমীকৰণ এটাৰ ফাড়াচিন বা সমানচিন ডালৰ দুয়োফালে প্রত্যেকবিধ মৌল বা যৌগৰ পৰমাণুৰ সংখ্যা সমান হৈ থাকিলে ইয়াক সন্তুলিত ৰাসায়নিক সমীকৰণ (Balanced equation) বুলি কোৱা হয়। ৰাসায়নিক বিক্ৰিয়াত কোনো পৰমাণুৰ সৃষ্টি বা ধ্বংস নহয়, সিহঁতৰ স্থানৰহে সাল-সলনি হয়। সেইবাবে সমীকৰণৰ বাঁওফালৰ বিভিন্ন পৰমাণু বিলাকৰ মুঠ সংখ্যা, সোঁফালৰ সেই পৰমাণু বিলাকৰ মুঠ সংখ্যাৰ সমান হ’ব লাগিব।

2H₂ +O₂ → 2H₂ O

ওপৰৰ সমীকৰণটোত হাইড্ৰে জৈন পৰমাণুৰ সংখ্যা সমান চিনৰ দুয়োফলে একে। তেনেদৰে অক্সিজেনৰ পৰমাণুৰ সংখ্যাও একে।

37.তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলিত কৰা।

(a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনৰে সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে।

(b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।

(c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।

(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

Ans. (a) 3H₂(g) + H₂(g) → 2NH₃(g)

(b) 2H₂S(g) + 30₂(g) → 2H₂O (l) + 2SO₂(g)

(c) 3BaCl₂ (aq) + Al(SO₄)₃ (aq) → 2AICI₃ (aq) + 3BaSO₄(S)

(d) 2K (s) + 2H₂O(l) → 2KOH + H₂(g)

38.তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰা।

(a) HNO₂ + Ca (OH)₂ → Ca (NO)₃ + H₂ O

Ans. (a) 2HNO₃ (aq) + Ca(OH)₂ (aq) → Ca(NO₃)₂ (aq) + 2H₂ O(l)

(b) NaOH + H₂ SO₄ → Na₂SO₄ + H₂ O

Ans.(b) 2NaOH (aq) + H₂ SO₄ (aq) → Na₂ SO₄ (aq) + 2H₂O (aq)

(c) NaCl + AgNO₃ → AgCl + NaNO₃

Ans.(c) NaCl (aq) + AgNO₃ (aq) → AgCl (S) + NaNO₃ (aq)

(d) BaCl₂ + H₂ SO₄ → BaSO₄ + HCI

Ans (d) BaCl₂ (aq) + H₂ SO₄ (aq) → BaSO₄ (S) + 2HCl (aq)

39.তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

(a) কেলছিয়াম হাইড্ৰ’ক্সাইড + কার্বন ডাই অক্সাইড → কেলছিয়াম কার্বনেট + পানী।

Ans. (a) Ca(OH)₂ (aq) + CO₂ (g) → CaCO₃ (s) + H₂O (l)

(b) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ।

Ans. (b) Zn (s) + 2AgNO₃ (aq) → Zn (NO₃)₂ (aq) + 2Ag (S)

(c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ।

Ans(c) 2A1 (s) + 3CuCI₂ (aq) → 2AICI₃ (aq) + 3Cu (S)

(d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড।

Ans(d) BaCl₂ (aq) + K₂SO₄ (aq) → BaSO₄ (S) + 2KCI (aq)

40.তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্রিয়া চিনাক্ত কৰা।

(a) পটেছিয়াম ব্ৰ ‘মাইড (aq) + বেৰিয়াম আয়’ডাইড (aq) → পটেছিয়াম আয় ‘ডাইড (aq) + বেৰিয়াম ব্ৰ ‘মাইড (s)

Ans. (a) 2KBr (aq) + Bal₂ (aq) 2KI (aq) + BaBr₂ (S) ( দ্বি-অপসৰণ বিক্ৰিয়া )

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)

Ans(b) ZnCO₃(s) → ZnO(S) + CO₂(g) (বিযোজন বিক্ৰিয়া )

(c) হাইড্র’ জৈন (g) + ক্ল’ৰিন (g) → হাইড্ৰ’জেন ক্ল’ৰাইড (g)

Ans (c) H₂(g) + Cl₂(g) → 2HCl(g) (সংযোজন বিক্ৰিয়া )

(d) মেগনেছিয়াম (s) + হাইড্ৰ’ক্লৰিক এছিড (aq) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্ৰ’জেন (g)

Ans (d) Mg(s) + 2HCl (aq) → MgCI₂ (aq) + H₂ (g) (অপসৰণ বিক্ৰিয়া )

41.তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

Ans. তাপ উৎপন্ন হোৱা বাসায়নিক বিক্রিয়া বোৰক তাপবৰ্জী বা তাপোৎপাদক বিক্রিয়া বলে। যেনে, C + O₂ –∆→ CO₂ + 393.5 জুল (তাপ)।

আনহাতে তাপ শোষণ হোৱা ৰাসায়নিক বিক্রিয়াবোৰক তাপগ্রাহী বা তাপশোষক বিক্রিয়া বুলি কোৱা হয়। যেনে, H₂ + I₂ → 2HI – 52.2 কি. জুল (তাপ)।

42.শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা।

Ans. (i) শাসকাৰ্য্যত গ্লুক’জ জাৰিত হৈ CO₂, H₂O আৰু তাপ উদ্ভৱ হয়।

(ii) যিহেতু শ্বাসকাৰ্য্য চলাৰ সময়তে তাপশক্তি উদ্ভৱ হয়, সেইবাবে শ্বাসকাৰ্যক তাপবর্জী বা তাপোৎপাদক বিক্রিয়া বোলে।

43.বিযোজন বিক্রিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা।

Ans. এটা বিয়োজন বিক্ৰিয়াত, এটা যৌগ তাপৰ প্ৰভাৱত দুই বা ততোধিক অংশলৈ বিখণ্ডিত হয়।

CaCO₃ –∆→ CaO + CO₂ (বিযোজন)

আকৌ, এটা সংযোজনত, দুই বা ততোধিক মৌল অথবা যৌগৰ মিলন হৈ এটা নতুন যৌগ গঠন কৰে।

CO₂ + CaO → CaCO₃

44.অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা।

Ans. এটা অপসৰণ বিক্রিয়াত বেছি সক্রিয় ধাতুক দ্ৰৱণৰ পৰা অপসৰণ কৰিব পাৰে।

যেনে, Zn(s) + CuCl₂ (aq) → ZnCl₂ (aq) + Cu (s)

কিন্তু, দ্বি-অপসৰণ বিক্ৰিয়াত, দুই বা ততোধিক যৌগ সিঁহতৰ আয়নবোৰ বিনিময় কৰি নতুনযৌগ গঠন কৰে।

যেনে, NaOH + HCL → NaCl + H₂O

45.ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ। কৰোঁতে ক’পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা।

Ans. বিক্ৰিয়াটো হ’ল : Cu(s) + 2AgNO₃ → Cu(NO₃) (aq) + 2Ag(S).

46.অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা।

Ans. যি বিক্রিয়াত বিকাৰক বোৰ বিক্ৰিয়া কৰি এটা অদ্রবণীয় যৌগ গঠন কৰে আৰু যৌগবোৰ অধঃক্ষিপ্ত হয়, তাক অধঃক্ষেপণ বিক্রিয়া বোলে। যেনে,

AgNO₃ (aq) + NaCl(aq) → AgCI (বগা অধঃক্ষেপ) (s) + NaNO₃ (aq).

47.অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।

(a)জাৰণ (b) বিজাৰণ।

Ans. জাৰণ (Oxidation) : কোনো পদাৰ্থৰ লগত অক্সিজেনযৌগ হোৱা ঘটনাটোকে জাৰণ বোলে। যেনে, বায়ুত কার্বন জুলিলে কার্বন-ডাই-অক্সাইড (CO₂) উৎপন্ন হয়।

C+O₂ → CO₂

2Cu + O₂ → 2CuO

বিজাৰণ (Reduction): যি ৰাসায়নিক বিক্রিয়াত কোনো পদাৰ্থৰ পৰা অক্সিজেন অপসাৰণ হয়, তেনেবোৰ বিক্ৰিয়াক বিজাৰণ বিক্রিয়া বুলি কোৱা হয়।

যেনে, ZnO + C → Zn + CO

2AgNO₂ (aq) + Cu → Cu (NO₂) + 2Ag

48.এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।

Ans. ‘X’ হ’ল তাম্ৰধাতু বা কপাৰ। ই বায়ুত জাৰিত হৈ কপাৰ অক্সাইড বা CuO গঠন কৰে, যাৰ বৰণ কলা হয়।

2Cu(s) + O₂ (g) ––তাপ→ CuO(s)

49.এটা উদাহৰণেৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

(a)ক্ষয়ীভৱন (b) চৰ্বিৰ দুৰ্গন্ধতা।

Ans. (a)ক্ষয়ীভৱন : কিছুমান ধাতু অতি সক্রিয়। এই ধাতুবোৰ বায়ু, পানী বা জলীয় ভাপৰ সংস্পৰ্শত আহিলে, বায়ুৰ অক্সিজেন, CO₂ বা জলীয় ভাপৰ লগত ৰাসায়নিক বিক্রিয়া ঘটি ধাতুৰ যৌগত ৰূপান্তৰিত হয়। ইয়াক ধাতুৰ ক্ষয়ীভৱন বোলে। খোলা ঠাইত এটা টুকুৰা লো ৰাখি দিলে সেই লোৰ টুকুৰাত মামৰে ধৰে। এই মামৰে ধৰা এক ধৰনৰ ক্ষয়ীভৱন , সেই কাৰণে ক্ষয়ীভৱনৰ দ্বাৰা লো, লোৰ অক্সাইডত পৰিণত হয়।

(b) চৰ্বিৰ দুৰ্গন্ধিতা : এই প্রক্রিয়াত খাদ্য সামগ্ৰী বা চৰ্বি জাৰিত হৈ পচি যায় আৰু দুর্গন্ধ নির্গত হয়। যেনে, এটুকুৰা বাটাৰ বহুদিন ধৰি সাধাৰণ উষ্ণতাত ঘৰত ৰাখিলে, গলিযায় আৰু দুর্গন্ধ নির্গত হয়। অর্থাৎ যি প্ৰক্ৰিয়াত খাদ্যবস্তু গেলি-পচি যায়, তাক পচিযোৱা বা চৰ্বিৰ দুর্গন্ধিতা বোলে।

নাইট্ৰ’জেনৰ পৰিবেশত ইয়াক পেকেটত ভৰোৱা হলে চৰ্বিৰ দুৰ্গন্ধিতাৰ পৰা আমি ৰক্ষা পাম।

50.এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ চৰ্তবোৰ কি কি ?

উত্তৰঃএটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ চৰ্তবোৰ হল :

ক) অবস্থাৰ পৰিবৰ্তন ।

খ) ৰঙৰ পৰিবৰ্তন ।

গ) গেছৰ উৎপত্তি ।

ঘ) তাপৰ পৰিবৰ্তন ।

51.ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ কাক বোলে ?

উত্তৰঃ ৰাসায়নিক বিক্ৰিয়া এটাত ৰাসায়নিক পৰিবৰ্তন ঘটা পদাৰ্থবোৰক বিক্ৰিয়ক পদাৰ্থ বোলে ।

ৰাসায়নিক বিক্ৰিয়া এটাত গঠন হোৱা নতুন পদাৰ্থবোৰক বিক্ৰিয়াজাত পদাৰ্থ বোলে ।