এছিড ক্ষাৰক আৰু লৱণ

1. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্রবসমূহ কিদৰে চিনাক্ত কৰিবা?

উত্তৰঃ তিনিটা পৰীক্ষা নলীত পাতিত পানী, এছিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ দিয়া আছে। এটা ৰঙা লিটমাছ কাজ ব্যৱহাৰ কৰি দ্ৰৱবোৰ চিনাক্ত কৰিব লাগে। প্ৰথমতে, পৰীক্ষা নলীবোৰত থকা দ্ৰৱণত ৰঙা লিটমাছ কাগজ যোগ কৰা হ’ল। যি পৰীক্ষা নলীত থকা দ্ৰৱৰ বাবে ৰঙা লিটমাছটো নীলা হ’ব, সেই দ্ৰৱটো হ’ব ক্ষাৰকীয়। এতিয়া বাকী দুটা নলীত আকৌ এই নীলা লিটমাছটো যোগ কৰিলে যদি লিটমাছ কাগজটো ৰঙা হয়, তেতিয়া সেই নলীৰ দ্ৰৱটো এছিড দ্ৰৱ আৰু বাকীটো নলীৰ দ্ৰৱত লিটমাছ কাগজৰ বৰণৰ কোনো পৰিবৰ্তন নহয়। অর্থাৎ তৃতীয় নলীত পানী আছে ।

2.দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?

উত্তৰঃ দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে। এই বস্তুবোৰ পিতল আৰু তামৰ পাত্ৰত ৰাখিলে, পাত্ৰৰ লগত ৰাসায়নিক বিক্রিয়া ঘটে আৰু বিষাক্ত যৌগ গঠন কৰে। সেই কাৰণে পিতল আৰু তামৰ পাত্ৰত দৈ আৰু টেঙা খাদ্যবস্তু ৰাখিব নালাগে।

3.এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা?

উত্তৰঃ ধাতুবোৰে এছিডৰ সৈতে বিক্ৰিয়া কৰি সাধাৰণতে হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

যেনে, Zn(s) + 2HCl (aq) → ZnCl₂ (aq) + H₂ (g)

হাইড্ৰ’জেন গেছৰ উপস্থিতিৰ পৰীক্ষা: এটা জ্বলন্ত কাঠৰ শলা হাইড্ৰ’জেনপূর্ণ এডাল পৰীক্ষা নলীৰ মুখত ধৰিলে যদি কাঠিডাল নির্বাপিত হয় কিন্তু নলীত থকা গেছ জ্বলি থাকে তেন্তে উৎপন্ন হোৱা গেছাটো হাইড্ৰ’জেন গেছ।

4.এটা ধাতব যৌগ A লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সম্বলিত সমীকৰণটো লিখা।

উত্তৰঃ ধাতব যৌগ (A) হ’ব CaCO₃ – (কেলছিয়াম কার্বনেট)

নিৰ্গত হোৱা গেছ হ’ল : CO₂ – (কার্বন ডাই-অক্সাইড)

সন্তুলিত ৰাসায়নিক সমীকৰণ হ’ল :

CaCO₃(s) + 2HCl (aq) → > CaCl₂ (aq) + CO₂ (g) + H₂O (l)

5.জলীয় দ্রবত HCI, HNO₃ ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায় ?

উত্তৰঃ HCI, HNO₃, আদি, এছিডবোৰৰ জলীয় দ্ৰৱত H⁺ আয়ন থাকে কিন্তু এলক’হল আৰু গ্লুক’জৰ দ্ৰৱত কোনো H⁺ আয়ন নেথাকে। সেইবাবে এছিড সমূহ আম্লিক ধর্ম দেখুৱায় কিন্তু এলক’হল, গ্লুক’জ আদিৰ জলীয় দ্ৰব আম্লিক ধৰ্ম নেদেখুৱায়।

6.এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?

উত্তৰঃ যেতিয়া পানীত এছিড মিশ্রিত কৰা হয়, তেতিয়া দ্ৰৱটো আয়নিত হয় আৰু এই মুক্ত আয়ন থকাৰ বাবে সেই জলীয় দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়।

7.শুকান HCI গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিবৰ্তন নঘটায়?

উত্তৰঃ অকল জলীয় মাধ্যমত HCI এছিডৰ দ্ৰৱই H⁺ আৰু CI⁻ আয়ন সৃষ্টি কৰিব পাৰে, কিন্তু শুদ্ধ মাধ্যমত নোৱাৰে। সেইবাবে শুকান HCI লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিবৰ্তন নঘটায়।

8.এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?

উত্তৰঃ যেতিয়া এছিড আৰু পানী মিশ্ৰিত কৰা হয়, তেতিয়া বিক্রিয়াটো অধিকভাৱে উত্তপ্ত হয় আৰু ফলত বিস্ফোৰন ঘটিব পাৰে। সেইবাবে পানীত লাহে লাহে এছিড যোগ কৰা হয়, যাতে উৎপন্ন তাপ পানীয়ে শোষণ কৰিব পাৰে আৰু দুর্ঘটনা ঘটাৰ আশংকা কম হয়। কিন্তু এছিডত পানী যোগ কৰিলে অধিক উত্তাপ সৃষ্টি হৈ বিস্ফোৰন ঘটিব পাৰে বাবে পানী এছিডত যোগ কৰা নহয়।

9.এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ’নিয়াম আয়ন (H₃O⁺) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হয়?

উত্তৰঃ যেতিয়া এছিডৰ দ্ৰৱত পানী মিশ্রিত কৰি পাতল কৰা হয়, তেতিয়া এছিডৰ পৰা H⁺ আয়ন বৰ্জিত হয় আৰু H₂O আৰু H₃O⁺-ৰ লগত লগ লাগি আয়নৰ পৰিমাণ বৃদ্ধি কৰে।

10.ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্রবীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হ’ব?

উত্তৰঃ যেতিয়া ছডিয়াম হাইড্ৰ’ক্সাইড ক্ষাৰক পানীৰ লগত দ্ৰৱীভূত কৰা হয়, তেতিয়া একক আয়তনত OH⁻ আয়নৰ গাঢ়তা হ্রাস পায়।

11.তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে। দ্ৰৱ A ৰ pᴴ ৰ মান 6 আৰু দ্ৰৱ B ৰ pᴴ ৰ মান ৪; কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

উত্তৰঃ দ্রৱ A- ত (pᴴ = 6) হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি

pᴴ = 6 থকা দ্ৰৱটো হ’ব আম্লিক ।

pᴴ = ৪ থকা দ্ৰৱটো হ’ব ক্ষাৰকীয় ।

12.দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H⁺ (aq) আয়নৰ গাঢ়তাৰ কি প্রভাৱ থাকে?

উত্তৰঃ যি দ্ৰৱত হাইড্ৰজেন আয়ন (H⁺) ৰ গাঢ়তা বেছি , সেই দ্ৰৱটোৰ প্ৰকৃতি আম্লিক হ’ব।

13.ক্ষাৰকীয় দ্ৰৱত H⁺(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয়?

উত্তৰঃ হয়, ক্ষাৰকীয় দ্ৰৱত H⁺ আয়ন থাকে, কিন্তু OH⁺ আয়নৰ সংখ্যা বেছি হোৱাৰ কাৰণে ক্ষাৰকীয় দ্ৰৱৰ প্ৰকৃতি ক্ষাৰকীয় হয়।

14.মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চুণ (কেলছিয়াম অক্সাইড) বা শিখিলিত চুণ (কেলছিয়াম হাইড্রক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়োগ কৰিব বুলি তোমালোকে ভাবা?

উত্তৰঃ যেতিয়া শস্যক্ষেত্ৰত এছিডৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া কৃষক এজনে সেই শস্যক্ষেত্ৰত পোৰা চুণ (CaO) বা চক বা (CaCO) বা শিথিলিত চুণ বা (Ca (OH)2) প্রয়োগ কৰিব লাগে , যাতে এছিডৰ প্ৰশমন ঘটে।

15.যৌগ CaOCl₂ ৰ সাধাৰণ নামটো কি?

উত্তৰঃ CaOCl₂-ৰ সাধাৰণ নাম ব্লিচিং পাউদাৰ আৰু ৰাসায়নিক নাম হ’ল কেলছিয়াম অক্সি ক্ল’ৰাইড।

16. ক্ল’ৰিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।

উত্তৰঃ ক্ল’ৰিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম - কেলছিয়াম হাইড্রক্সাইড [Ca(OH)₂ ] ,

Ca(OH)₂ + Cl₂→ CaOCl₂ + H₂O

17. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা।

উত্তৰঃ কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম - ছডিয়াম কার্বনেট (Na₂CO₃)

18.ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া।

উত্তৰঃ যেতিয়া ছডিয়াম হাইড্ৰজেন কার্বনেট উত্তপ্ত কৰা হয়, তেতিয়া ছ’ডিয়াম কার্বনেট, পানী আৰু কার্বন-ডাই-অক্সাইড পোৱা যায়।

বিক্ৰিয়াটোৰ সমীকৰণটো -

2 NaHCO₃ –তাপ→ Na₂CO₃ + H₂O + CO₂

ছডিয়াম হাইড্ৰজেন কার্বনেট –তাপ→ ছ’ডিয়াম কার্বনেট + পানী + কার্বন-ডাই-অক্সাইড

19.প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।

উত্তৰঃ প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণটো হ’ল :

CaSO4. 1/2H2O + 3/2H2O = CaSO4. 2H2O

প্লাষ্টাৰ অৱ পেৰিছ + পানী → জিপছাম

20.এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত Pᴴ হ’ব পাৰে–

(a) 1

(b) 4

(c) 5

(d) 10

উত্তৰঃ (d) 10.

21.এটা দ্ৰবই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চুণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে—

(a) NaCl

(b) HCI

(c) LiCI

(d) KCI

উত্তৰঃ(b) HCI.

22.NaOH দ্ৰৱ এটাৰ 10 mL এ HCI দ্ৰৱএটাৰ 8mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20 mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCI দ্রৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব—

(a) 4mL

(b) 8m L

(c) 12mL

(d) 16mL

উত্তৰঃ(d) 16mL

23.অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?

(a) এন্টিবায়টিক

(b) বেদনানাশক (analgesic)

(c) অম্লনাশক

(d) বীজাণুবাৰক (antiseptic)

উত্তৰঃ(c) অম্লনাশক।

24.সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া—

(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।

(b) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্রিয়া কৰে।

(c)লঘু ছালফিউৰিক এছিড়ে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্রিয়া কৰে।

(d) লঘু হাইড্রক্ল’ৰিক এছিড়ে লোৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।

উত্তৰঃ (a) যিংকৰ গুড়ি (granule) + লঘু ছালফিউৰিক এচিড → যিংক ছালফেট + হাইড্ৰজেন গেছ।

2Zn (s) + 2H₂ SO₄ (aq) → 2ZnSO₄ (aq) + 2H₂(g)

(b) মেগনেছিয়াম + হাইড্ৰ’ক্লৰিক এছিড → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ।

Mg (S) + 2HCl (aq) → MgCI₂ (aq) + H₂ (g)

(c) এলুমিনিয়াম + ছালফিউৰিক এছিড (aq) এলুমিনিয়াম ছালফেট্ + হাইড্ৰ’জেন গেছ।

2AI (S) + 3H₂ SO₄ (aq) → Al₂ (SO₄)₂ (aq) + 3H₂ (g)

(d) লো + হাইড্ৰ’ক্ল’ৰিক এছিড (aq) → আইৰণ ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ।

Fe (S) + 2HCl (aq) → FeCl₂ (aq) + H₂ (g)

25.এলকহল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্রেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ পদ্ধতি:

(i) 100 মিলি আয়তনৰ এটা বিকাৰ লোৱা হ’ল। এইটো এটা কৰ্কৰ ওপৰত স্থাপন কৰা হ’ল। দুটা লোৰ গজাল লোৱা হ’ল।

(ii) গজাল দুডালক বেটাৰী, বাল্ব আৰু ছাবিৰ লগত সংযোগ কৰি বিদ্যুৎ প্রবাহ আৰম্ভ কৰা হ’ল।

(iii) বিকাৰটোত প্ৰথমতে ইথাইল এলক’হল যোগ কৰি পৰ্য্যবেক্ষণ কৰা হ’ল। আকৌ গ্লুক’জ যোগ কৰি পৰ্য্যবেক্ষণ কৰা হ’ল।

পর্যবেক্ষণ: বাল্বটো জ্বলা নাই। কাৰণ আধান প্রৱাহিত হোৱা নাই।

সিদ্ধান্ত: পৰীক্ষাটোৰ পৰা দেখা যায় যে গ্লুক’জ আৰু ইথাইল এলক’হল আয়নিত হোৱা নাই, অর্থাৎ H⁺ আয়ন এৰি দিয়া নাই ফলস্বৰূপে সিহঁতে বিদ্যুৎ প্ৰৱাহিত নকৰে কিন্তু বিকাৰটোত লঘু হাইড্ৰ’ক্ল’ৰিক এছিড দিলে বাল্বটো জ্বলিব কাৰণ এছিডে বিদ্যুৎ পৰিবাহী। এই কাৰণে এলক’হল আৰু গ্লুক’জক এছিডৰ শ্রেণীভুক্ত কৰা হোৱা নাই।

26.পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ?

উত্তৰঃপাতিত পানী হ’ল বিশুদ্ধ পানী। ই আয়ন গঠন নকৰে। কিন্তু বৰষুণৰ পানীত এছিড আৰু নানা ধৰণৰ অশুদ্ধি থাকে, যি আয়ন মুক্ত কৰে আৰু এই আয়ন বিদ্যুৎ পৰিবাহী। আয়ন মুক্ত নকৰাৰ কাৰণে পাতিত পানীয়ে বিদ্যুৎ প্রবাহিত নকৰে কিন্তু বৰষুণৰ পানীৰ মাজেৰে বিদ্যুৎ প্রৱাহিত হয়।

27.পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্ৰদৰ্শন নকৰে কিয়?

উত্তৰঃপানীত দ্ৰৱীভূত কৰিলে এছিডে H⁺ আয়ন মুক্ত কৰে কিন্তু পানীৰ অনুপস্থিতিত এছিডে H⁺ আয়ন মুক্ত কৰিব নোৱাৰে । ফলস্বৰূপে, পানী মিশ্ৰিত এছিডৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়। অর্থাৎ ই এছিডৰ ধৰ্ম প্ৰদৰ্শন কৰে।

28 পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সাৰ্ব্বজনীন সূচকেৰে পৰীক্ষা কৰাত pᴴ ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্রৱ—

(a) প্রশম।

(b) তীব্র ক্ষাৰকীয়।

(c) তীব্র আম্লিক।

(d) মৃদু আম্লিক।

(e) মৃদু ক্ষাৰৰ্কীয় হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ষিত ক্ৰমত pᴴ মানবোৰ সজোৱা ।

উত্তৰঃ

(a) প্রশম = D – 7,

(b) তীব্র ক্ষাৰকীয় = C – 11

(c) তীব্র আম্লিক = B – 1

(d) মৃদু আম্লিক = A – 4

(e) মৃদু ক্ষাৰকীয় = E – 9

হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ ক্ৰমিক বৃদ্ধিৰ ওপৰত ভিত্তি কৰি pᴴ- ৰ মান হ’ব : 11 <9 <7 <4 <1.

29.পৰীক্ষানল A আৰু Bত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল। পৰীক্ষানল A ত হাইড্ৰ’ক্ল’ৰিক এছিড (HCI) আৰু পৰীক্ষানল Bত এচেটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয়?

উত্তৰঃHCI এছিড থকা পৰীক্ষা নলী A ত ফোঁচ ফোঁচ শব্দ কৰি বুৰবুৰণি ওলাব। কাৰণ হাইড্ৰ’ক্ল’ৰিক এছিড, এছিটিক এছিডতকৈ অধিক তীব্র ।

মেগনেছিয়াম ফিটা আৰু HCI এছিডৰ ৰাসায়নিক বিক্রিয়া, মেগনেছিয়াম ফিটা আৰু এছিটিক এছিডৰ বিক্ৰিয়াতকৈ বেছি দ্রুত গতিত ঘটে।

30.কেঁচা গাখীৰৰ pᴴ ৰ মান 6। ই দৈত পৰিণত হ’লে pᴴ সলনি হ’বনে? ব্যাখ্যা কৰা।

উত্তৰঃযেতিয়া গাখীৰ দৈ লৈ ৰূপান্তৰিত হয়, তেতিয়া pᴴ লেক্‌টিক এছিড সৃষ্টি কৰে আৰু pᴴ-অৰ মান 6-ৰ তললৈ নামি যায়।

31.এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে। (a) কিয় তেওঁ কেঁচা গাখীৰৰ pᴴ ৰ মান 6 ৰ পৰা সামান্যভাবে ক্ষাৰকীয় কৰি ল’লে? (b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়?

উত্তৰঃ(a) এজন গোৱালে গাখীৰত অলপ পৰিমাণে বেকিং ছ’ডা দিয়ে আৰু ইয়াৰ ফলত গাখীৰ তাজা আৰু ক্ষাৰকীয় হয় আৰু গাখীৰ বহুসময়ৰ বাবে ঠিক থাকে।

(b)এই গাখীৰখিনি ক্ষাৰকীয় কৰাৰ বাবে বেকিং ছ’ডা দিয়া হয় আৰু বিক্ৰিয়াৰ ফলত লেক্‌টিক এছিড তৈয়াৰ হয়। এই এছিড, ক্ষাৰক ৰ দ্বাৰা প্রশমিত হয় আৰু ইয়াৰ পিছত লাহে লাহে আম্লিকহৈ গাখীৰখিনি, দৈ-ত পৰিণত হ’বলৈ বেছি সময় লাগে

32.প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে। কিয়? ব্যাখ্যা কৰা।

উত্তৰঃ প্লাষ্টাৰ অৱ পেৰিছ বায়ুৰোধক বন্ধ পাত্ৰত ৰখা হয়। ইয়াৰ কাৰণ হ’ল সেমেকা বতৰত বা জলীয় বাষ্পৰ উপস্থিতিত ৰাসায়নিক পৰিবৰ্তন হৈ ই জীপছামলৈ ৰূপান্তৰিত হয় আৰু ফলস্বৰূপে প্লাষ্টাৰ অৱ পেৰিছএ ইয়াৰ ধৰ্ম হেৰুৱায়।

33.প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া । কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।

উত্তৰঃ প্রশমন বিক্রিয়া: এছিড আৰু ক্ষাৰক ৰ মাজৰ বিক্রিয়াত লৱন আৰু পানী উৎপন্ন হয় । এই বিক্রিয়াক প্রশমন বিক্রিয়া বোলে।

উদাহৰণ: (i) NaOH(aq) + HCl (aq) → NaCl (aq) + H₂O(l)

(ii) 2 NaOH (aq) + H₂SO₄ (aq) → Na₂SO₄(ag) + 2H₂O (l)

বেকিং ছ’ডা (Baking Soda) ৰ ব্যৱহাৰ :

(i) বেকাৰীত ব্যৱহাৰ কৰা হয়।

(ii) ছ’ডা-এছিড অগ্নি-নির্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়।

কাপোৰ ধোৱা ছ’ডা (Washing Soda)-ৰ ব্যৱহাৰ :

(i) গ্লাচ্, চাবোন আৰু কাগজ তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ হয়।

(ii) পানীয় স্থায়ী ক্ষাৰকতা আঁতৰোৱাৰ বাবে ব্যৱহাৰ হয়।